চলতি বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰ মাহত দেশৰ সেৱা খণ্ডৰ কাৰ্যকলাপ আশাব্যঞ্জকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বজাৰত চাহিদাৰ পুনৰুদ্ধাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতৰ সেৱা খণ্ডৰ ক্ৰয় পৰিচালক সূচকাংক বা পিএমআই বৃদ্ধি হৈ ৫৫.২ লৈ স্পৰ্শ কৰিছে। এই নতুন বৃদ্ধিয়ে দেশৰ সেৱা খণ্ডৰ বৰ্ধমান শক্তি আৰু অৰ্থনৈতিক গতিশীলতাকে প্ৰতিফলিত কৰিছে বৰি ব্যবসায়িক মহলত চৰ্চা চলিছে।
বিগত কিছুদিন ধৰি সেৱা খণ্ডৰ বিভিন্ন শখাংশত ব্যৱসায়িক অৰ্ডাৰ আৰু গ্ৰাহকৰ সঁহাৰি বৃদ্ধি পোৱাৰ বাবেই এই ইতিবাচক পৰিৱ্তন পৰিলক্ষিত হৈছে। বিশেষকৈ নতুন গ্ৰাহকৰ আগমন আৰু সেৱাৰ সম্প্ৰসাৰণে উদ্যোগসমূহক অধিক উৎপাদনশীলতা আৰু কাৰ্যকলাপ বৃদ্ধি কৰাত সহায় কৰিছে। অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে, এই সূচকাংকৰ উৰ্দ্ধমুখী গতিয়ে দেশৰ সামগ্ৰিক সেৱা খণ্ডৰ সুস্থিৰতা আৰু বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰাত সহায় কৰিব।
তদুপৰি, এই বৰ্ধিত পিএমআই সূচকাংকে দেশৰ শ্ৰম বজাৰ আৰু নিযুক্তি খণ্ডৰ ওপৰতো অনুকূল প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। সেৱা খণ্ডৰ উদ্যোগসমূহে তেওঁলোকৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰাৰ লগে লগে কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে, বজাৰৰ এই গতিশীলতা অনাগত মাহবোৰত কিমানদূৰ স্থায়ী হয়, সেয়া পৰৱৰ্তী বিত্তীয় পৰিস্থিতি আৰু বৈশ্বিক অৰ্থনীতিৰ গতি-প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব।
সামগ্ৰিকভাৱে, ছেপ্টেম্বৰ মাহৰ এই প্ৰতিবেদনে দেশৰ অৰ্থনীতিৰ এটা গুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিচিত সেৱা খণ্ডৰ স্থায়িত্ব আৰু প্ৰসাৰতাকে সুনিশ্চিত কৰিছে। অনাগত দিনবোৰত এই সূচকাংকই দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি বৃদ্ধিত কিদৰে অৰিহণা যোগায়, সেই দিশটোত এতিয়া অৰ্থনীতিবিদসকলৰ দৃষ্টি নিবদ্ধ হৈছে।