ৰাজ্য চৰকাৰে ২০৪৭ চনৰ ভৱিষ্যৎ লক্ষ্য লৈ এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। অসম মন্ত্ৰীসভাই ‘বিকশিত অসম ২০৪৭’ পৰিকল্পনাৰ অধীনত অহা পাঁচ বছৰত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ অনুমোদন জনাইছে। এই পুঁজিৰ জৰিয়তে ৰাজ্যজুৰি বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পসমূহ ত্বৰান্বিত কৰা হ'ব বুলি প্ৰকাশ পাইছে। চৰকাৰী তথ্য অনুসৰি এই যোজনাৰ দ্বাৰা ৰাজ্যৰ সামগ্ৰিক অৰ্থনীতি আৰু জনজীৱনলৈ এক দীৰ্ঘম্যাদী পৰিৱৰ্তন অনাৰ লক্ষ্য ৰখা হৈছে।