অসমত বিশ্ব বেংকৰ আৰ্থিক সহযোগিতাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ কাম-কাজৰ খতিয়ান ল’বলৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত ১৬,৬৪৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়। আন্তঃগাঁথনি, জনকল্যাণ আৰু বিভিন্ন খণ্ডৰ বিকাশৰ বাবে হাতত লোৱা এই আঁচনিসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনাত প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ বাবেও আলোচনা কৰা হয়।