অসম মন্ত্ৰীসভাই শেহতীয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত মুছলমান সম্প্ৰদায়ৰ বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰাৰ নিয়মাৱলী অনুমোদন জনাইছে। এই নতুন নিয়মাৱলীৰ জৰিয়তে ৰাজ্যখনত বিবাহৰ আইনী পঞ্জীয়ন নিশ্চিত কৰাৰ বাবে চৰকাৰে নীতিগত পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ এই অনুমোদনৰ পিছতে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক নিৰ্দেশনা জাৰি কৰা হʼব বুলি আশা কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্য চৰকাৰে বিবাহ পঞ্জীয়ন ব্যৱস্থাটো অধিক শৃংখলাবদ্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। এই নতুন নিয়মাৱলীয়ে বিবাহৰ পঞ্জীয়ন প্ৰক্্ৰিয়াক আইনী কাঠামোৰ ভিতৰলৈ আনিবলৈ সহায় কৰিব বুলি প্ৰশাসনিক খণ্ডত চৰ্চা চলিছে।