আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছায়ে মহাকাশ অভিযানক অধিক উন্নত আৰু সুৰক্ষিত কৰি তুলিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে ২০২৭ চনৰ মানৱ লেণ্ডাৰ প্ৰত্য্বাহান আনুষ্ঠানিকভাবে ঘোষণা কৰিছে, য’ত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ তথা নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থাৰ বিকাশ ঘটোৱা।

বৰ্তমান সময়ত নাছায়ে আৰ্টিমিছ আৰু চন্দ্ৰ আস্থান কাৰ্যসূচীৰ জৰিয়তে চন্দ্ৰৰ বুকুত দীৰ্ঘম্যাদী মানৱ উপস্থিতি নিশ্চিত কৰাৰ পৰিকল্পনা হাতত লৈছে। এই যাত্ৰাত মহাকাশযান বা ৰকেটৰ দৰেই যোগাযোগ ব্যৱস্থাও সমানেই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰত্য্বাহানৰ জৰিয়তে চন্দ্ৰপৃষ্ঠত আহিবলগীয়া যোগাযোগ সংক্ৰান্তীয় জটিল সমস্যাসমূহৰ বৈজ্ঞানিক সমাধান আগবঢ়াব পাৰিব।

বিশ্বৰ যুৱ প্ৰজন্মৰ মগজুৰ পৰা ওলাই অহা নতুন চিন্তা-চৰ্চাই মহাকাশ বিজ্ঞানৰ ভৱিষ্যত ৰূপায়ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে। এই প্ৰতিযোগিতাই কেৱল ছাত্ৰ-ছাত্ৰীসকলক কাৰিকৰী জ্ঞান প্ৰদান কৰাই নহয়, বৰঞ্চ বিশ্বৰ আগশাৰীৰ মহাকাশ অভিযানৰ সৈতে পোনপটিয়াকৈ কাম কৰাৰ সুযোগো আনি দিব।

নাছাৰ এই কাৰ্যসূচীয়ে অনাগত দিনত মহাকাশ গৱেষণা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি ভবা হৈছে। ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উদ্ভাৱনী শক্তি প্ৰদৰ্শনৰ সুবৰ্ণ সুযোগ লাভ কৰিব।