দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ (AIIMS) ত বিএছচি নাৰ্ছিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উঠি অহা শিক্ষাৰ্থীৰ ঢৌৱে সকলোকে আচৰিত কৰি তুলিছে। শেহতীয়াকৈ এক আৰ্টিআই (RTI) আবেদনৰ জৰিয়তে পোহৰলৈ অহা তথ্য অনুসৰি, যোৱা পাঁচ বছৰত এই পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ আকাশলংঘী হৈছে।
প্ৰাপ্ত তথ্য মতে, ২০২১ চনত যিসময়ত মুঠ ১৬,৪৮৫ গৰাকী শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন কৰিছিল, সেই সংখ্যা ২০২৬ চনত ১.৯১ লাখলৈ বৃদ্ধি পাইছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে চিকিৎসাক্ষেত্ৰত নাৰ্ছিং সেৱা আৰু ইয়াৰ সৈতে জড়িত কেৰিয়াৰৰ সুযোগক লৈ বৰ্তমানৰ প্ৰজন্ম যথেষ্ট সচেতন আৰু আশাবাদী।
এই পৰিসংখ্যাই কেৱল শিক্ষাৰ্থীৰ সংখ্যাই বৃদ্ধি পোৱা বুজোৱা নাই, বৰঞ্চ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি আৰু এইমছৰ দৰে প্ৰতিষ্ঠানত পঢ়াৰ প্ৰতি থকা উচ্চাকাংক্ষাকো প্ৰতিফলিত কৰিছে। সীমিত আসনৰ বিপৰীতে আবেদনকাৰীৰ এনে বিপুল বৃদ্ধিয়ে ভৱিষ্যতে নামভৰ্তি প্ৰক্ৰিয়া আৰু প্ৰৱেশ পৰীক্ষাৰ মানদণ্ড অধিক কঠিন কৰি তুলিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীৰ বাবে এই তথ্য অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত পৰৱৰ্তী বৰ্ষবোৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব, য’ত প্ৰতিটো নম্বৰৰ গুৰুত্ব বৃদ্ধি পাব। আৰ্টিআইৰ এই তথ্যই শিক্ষা খণ্ডত পৰিৱৰ্তনশীল মানসিকতাৰ এক প্ৰমাণ দাঙি ধৰিছে।