গুৱাহাটীৰ শ্ৰীভূমিত দুৰ্গা পূজাৰ বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত বিহু শিল্পীৰ এটা দলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই সমগ্ৰ মহানগৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। শিল্পীসকলক অনুষ্ঠানৰ বাবে যোৱাৰ সময়তে একাংশ লোকে বাধা দিয়াৰ লগতে তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন হৈছে।
খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই আক্ৰমণৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত থকা ১৭ গৰাকী লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে। এই আক্ৰমণৰ আঁৰৰ সঠিক কাৰণ কি আছিল সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
পৰ্বতৰ আনন্দৰ মাজতে এনে ধৰণৰ হিংসাত্মক ঘটনাই সুৰক্ষা ব্যৱস্থাৰ লগতে উৎসৱৰ সময়ত জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় ৰাইজে দোষীক দৃষ্টান্তমূলক শাস্তি বিহিৰলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে। বৰ্তমান অঞ্চলটোত আৰক্ষীয়ে টহল দিয়াৰ ব্যৱস্থা কৰিছে।
উক্ত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে বিসৰ্জন শোভাযাত্ৰাৰ সৈতে জড়িত সকলো পক্ষকে সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। অনাগত দিনত এনে অপ্ৰীতিকৰ পৰিস্থিতি যাতে পুনৰ নহয় তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰাৰ কথা জানিব পৰা গৈছে।